বৰগীত : ৰাগ আশোৱাৰী
বৰগীত : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অনৱৈদ্য সৃষ্টি | আহকচোন গুৰুদুজনাৰ আশোৱাৰী ৰাগৰ বৰগীত আৰু অঙ্কৰ গীতসমূহৰ বিষয়ে আলোচনা কৰো...
ৰাগ : আশোৱাৰী
( ১)
বৰগীত
ধ্ৰুং -- আনন্দে গোৱিন্দে বায় বৃন্দাবনে বেণু।
ৰূপে ভূৱন ভুলে ৰহিয়া কদম্ব মূলে
কালিন্দী তীৰে ৰাখে ধেনু।।
পদ -- গোপ শিশু সংগে চলে শিৰে শিখণ্ডক দুলে
কৰ্ণে কুণ্ডল গণ্ড লোলে।
কেয়ূৰ কঙ্কণ কৰে উৰে বণমালা লুলে
মধুৰ মধুপ মধু ভূলে।।
কটি কাঞ্চী কিঙ্কিণী বাজত ৰিণি ঝিণি
শ্যাম তনু শোহে পীত বাসে।
বাম কাষে শিঙ্গা বেত্ৰ অৰুণ পঙ্কজ নেত্ৰ
কণ্ঠে কৌস্তভ পৰকাশে।।
ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰুৱ ভাস
দৰশায়া লীলা বিলাসা।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পূৰে
শঙ্কৰ কহ অভিলাষা।।
(২)
নাট : চোৰধৰা তাল : পৰিতাল
ধ্ৰুং-- আজু কাহাযাসি বোলয়ে গোৱালী।
পেখিয়ে আখি ভৰল বনমালী।।
পদ-- দ্বাৰ বেঢ়ল গোপী বাহু প্ৰসাৰি।
লৱণু চোৰি কৈছে কৰসি মুৰাৰি।।
ঘৰ মহ চোৰহ গোৱালী মন ডাকে।
পৰাক গোৱালী আৱল সৱ জাকে।।
ধৰল সবহি মিলি হৰিক চোৰ ।
মাধৱ কহগতি গোবিন্দ মোৰ।।
(৩)
বৰগীত
ধ্ৰুং -- আজু সুপৰভাতে পেখলো মাই।
নয়নক আনন্দ কুসুম কানাই।।
পদ -- নৱমনশ্যাম পীতাম্বৰ জ্যোতি।
কৌস্তভ কণ্ঠে হাৰ গজ মতি।।
শাৰদ-চান্দ কোটি বয়ন বিকাশে।
মদন চাপ জিনি ভ্ৰুৱ পৰকাশে।।
চান্দ জ্যোতি জিনি তিলক কপোলে।
কুণ্ডল জল মল অলকা বিলোলে।।
উতপল ৰাতা নয়ন যুগ শোহে।
ঈসত হাসি ৰসে জগজন মোহে।।
সুবলিত চান্দ ময়ুৰপুচ্ছ শিৰে।
গঞ্জয় গজৰাজ গমন গম্ভীৰে।।
ৰতন মঞ্জীৰ দোহে ঝুৰয় পাৱে।
নন্দনন্দন গতি মাধৱে গাৱে।।
(৪)
বৰগীত
ধ্ৰং -- আৱত ব্ৰজেৰ জীৱন ৰে হৰি।
ত্ৰিভূৱন মোহন মধুৰ ৰূপ ধৰি।।
পদ -- বিৰাজি শ্যাম তনু ধেনু পদ ৰেণু।
অৰুণ অধৰে পূৰে সুমধুৰ বেণু।।
বনজ কুসুম কোৰি মালা উজ্জলিত।
শৰীৰকু কান্তি সৱ দিশ প্ৰজলিত।
ভ্ৰমৰে ৰঞ্জিত উৰে লোলে বনমালা।
ৰতন ভূষণ সব শৰীৰৰ উজ্জ্বলা।।
চৰণ পঙ্কজে মণি মাঞ্জীৰকু ধ্বনি।
কহয় মাধৱ মেৰি গতি যদুমণি।।
(৫)
নাট : কালিদমন তাল : পৰিতাল
ধ্ৰং -- আৱে কাল কালি বলিআৰা।
কৰতো তুলি ফেট ফোতকাৰা।।
পদ -- গৰজি দৰপে সৰপ বিশাল।
দেখি নিৰেখয় ৰূপ গোপাল।।
কৌতুকে কৰতু কেলি বনমালী।
মৰম থানে খেদি দংশল কালি।।
বেঢ়ল লাঞ্জেহি ভুজঙ্গ প্ৰৱন্ধে।
ৰহল গোপাল পৰি সৰ্পক বন্ধে।।
(৬)
নাট : পত্নীপ্ৰসাদ তাল : পৰিতাল
ধ্ৰং-- আৱত কানু বেণু বজাই।
চললি সঙ্গে গোপ গুণ গাই।।
পদ -- শ্যামল অঙ্গে পীত পিচোৰা।
নৱঘন যৈচে বিজুৰী উজোৰা।।
হাৰ মুকুট মণি কুণ্ডল ডোলে।
কৃষ্ণক কিঙ্কৰ শঙ্কৰে বোলে।।
(৭)
নাট : পাৰিজাত হৰণ তাল : পৰিতাল
ধ্ৰুং -- ঐৰাৱত কন্ধে বাসৱ আৱে ।
আগহি নাৰদ হৰি গুণ গাৱে ।
পদ -- সুন্দৰী ৰমণী শচী একু পাশে।
চলল ভ্ৰূভঙ্গ লয়লাসে।।
মাথেহি চত্ৰ বজ্ৰ এক হাতে ।
কহ শঙ্কৰ গতি গোপিনী নাথে।।
(৮)
নাট : ৰুক্মিণী হৰণ তাল : জ্যোতি
ধ্ৰুং-- কৈচন কেশৱ দৰশন হোই।
হৰি বিনে বিফল জনম অৱ মোই ।।
পদ -- বসতি দিগন্তৰ নাথ হামাৰু।
ভেণ্ট কেমনে হোই স্বামী মুৰাৰু ।।
হামু কিঙ্কৰী হৰি নাথ হামাৰ ।
কহ শঙ্কৰ ৰুক্মিণীক বেৱহাৰ ।।
(৯)
বৰগীত
ধ্ৰুং-- কৈছে গোবিন্দ সেৱহু তোই।
চঞ্চল মন মেৰি থিৰনাহি হোই।।
পদ-- যৈছে পঙ্কজ দলগত নীৰ।
বিষয় লুবুধ মন তইছে অথিৰ।।
ছোড়ি পামৰ মতি তুৱা পাই।
ৰূপ ৰস পৰশ শৱদ গন্ধেধাই।।
কহয় মাধৱ হৰি কৰু মেৰি দায়া।
চৰণে শৰণ লেহু ছোড়হ মায়া।।
(১০)
বৰগীত
ধ্ৰুং-- খেলত গোৱিন্দ যশোৱাকু সঙ্গে।
মানৱী ভাৱ দেখাৱত ৰঙ্গে।।
পদ-- সৃষ্টি স্থিতি লয় কাৰণ যোই।
যাহাৰ লীলা জানত নাহি কোই।।
যোহি মহেশ্বৰ গোপ কুমাৰা।
লোক তাৰণ হেতু কৰত বিহাৰা।।
সোহি কৃপাময় দেৱক দেৱা |
মুকুতি বিড়ম্বন যা কৰু সেৱা ||
নানান ৰসে খেলে সোহি দয়ালা |
কহয় মাধৱ গতি নন্দকু বালা ||
(১১)
বৰগীত
ধ্ৰুং-- গোপাল কৃপাল ৰাম কৰুণা সাগৰ স্বামী ।
তুৱা পদ মকৰন্দ বিন্দু আশা কৰি আছো আমি ।।
পদ -- ওহি ভৱতাপে তাপিত মেৰি মন মন্দা ।
মাগোহো শীকৰ তুৱা পদ মকৰন্দা ।।
জনমে জনমে ওহি মেৰি মন আশা।।
কহয় মাধৱ হৰি চৰণকু দাসা ।।
(১২)
নাট : কেলি গোপাল তাল : একতাল
ধ্ৰুং-- গোপিনী কৈছে কেশৱ জীৱনলে।
অবহু বাহুৰি নাথ দৰশন দে ||
পদ-- তুৱা পদ পঙ্কজ জীৱন আধাৰু |
তাহে নাহেৰি হৰি ৰহয়ে নপাৰু।।
দৰশ সৰস মুখ কমল মধাই।
কৰহু কৰুণা কৃষ্ণ কিঙ্কৰে গাই।।
(১৩)
বৰগীত
ধ্ৰুং-- গোবিন্দ দীনদয়া শীল স্বামী।
তুহু মেৰি চাহেব চাকৰ হামি।।
পদ-- কাকু কৰিয়া তুৱা চৰণে লাগো।
অৰুণ চৰণে চাকৰি মাগো।।
তেৰি চৰণে মেৰি পৰনাম।
চাকৰি মাগোঁ নাহি আন কাম।।
আপুন কৰমে জনম যাহা হোই।
তাহে তুৱা চৰণে চাকৰ ৰহু মোই।।
মাধৱ দাস কহয় মতি হীনা।
গতি মেৰি নাহি তুৱা পদ বিনা।।
(১৪)
নাট : ভূষণ হেৰোৱা তাল : পৰিতাল
ধ্ৰং-- গোবিন্দকু ৰাধা বোলত বাণী।
খায়া লাগি গোৱাৰীক ঠামে
হামাক দোষ বখানি।।
পদ -- হোই অচেতন থিক কদম্বৰ তলে
হামো পাৱলো লাগ।
চোঞ্চা মাৰি ভূষণ নাহি লেলহ
থিক তোহা কেৰি ভাগ।।
ভূষণ প্ৰাণ হামু তেৰি ৰাখলো
হামাৰি ঐছন দোষ।
হামু বাত পুছিতে নাহি উত্তৰ
ৰহলি কয়ে থোস মোষ।।
জননীক ভয়ে লুকি দিয়া ফিৰত
গোৱাৰীক ডেৰা সোমাই।
হামাকু আগু খেলাৱত ঐছন
চাতুৰী ভূষণ পাই।।
হামো যব চোৰ হাঞো কতি দেলহো
তোহাৰি জননীক আগ।
কহতু মাধৱ ৰাধা গোবিন্দক
প্ৰেম চাতুৰী অনুৰাগ।।
(১৫)
বৰগীত
ধ্ৰুং-- চিন্তহু গোবিন্দ মন মেৰি ভাই।
হৃদি পঙ্কজে ৰহু ৰাম গোঁসাই।।
পদ -- জগ জন জীৱন ৰহু হৃদি ৰামা।
কোটি কল্পতৰু পূৰণ কামা।।
মাধৱ দাস কহয় মন মোই।
ৰাম বিনে নাহি বান্দৱ কোই।।
(১৬)
বৰগীত
ধ্ৰুং-- জয় জয় যাদৱ জলনিধিজাধৱ ধাতা
শ্ৰুত মাত্ৰা খিলত্ৰাতা।
স্মৰণে কৰয় সিদ্ধি দীন দয়া পিধি
ভকত মুকুতি পদ দাতা।।
পদ -- জগজন জীৱন অজন জনাৰ্দন
দনুজ দমন দুখহাৰী।
মহদানন্দ কন্দ পৰমানন্দ
নন্দ নন্দন বনচাৰী।।
বিবিধ বিহাৰ বিশাৰদ শাৰদ
ইন্দু নিন্দি পৰকাশী।
শেষ শয়ন শিৱ কেশী বিনাশন
পীত বসন অবিনাশী।।
জগত বন্ধু বিধু মাধৱ মধুৰিপু
মধুৰ মুৰুতি মুৰনাশী।
কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ
শঙ্কৰ এহু অভিলাষী।।
(১৭)
নাট : পত্নীপ্ৰসাদ তাল : একতাল
ধ্ৰুং-- তোহাৰি চৰণে মন মজাইলো মধু সুদন।
কতিনা বোলসি নাথ কঠিন বচন ঘন।।
পদ -- গৃহ পতি সুত ধন সুহৃদ সোদৰ জন।
পেখি বিষম মন তেজল হে নাৰায়ণ।।
তোহাৰি কিঙ্কৰী জন পুনু নকৰিয়ো ছন্ন।
কৃষ্ণ হিঙ্কৰে ভণ গতি মেৰি নাৰায়ণ।।
(১৮)
নাট : চোৰধৰা তাল : পৰিতাল
ধ্ৰুং -- নাচতু গোৱিন্দ গোপিনী আগে।
কৰ পাতি পাতি লৱণু মাগে।।
পদ -- যোকৰ কমল ভকত ভয়হাৰী।
সোহি কৰ পাতি মাগেলৱণু মুৰাৰি।।
গোৱাৰী বোলয় নিক নাচ গোপাল।
তব তোই লৱণু দেব হামু ভাল।।
লৱণ আশে লাসে গোবিন্দ নাচে।
কৰ ভৰি গোপী লৱণু যাচে ।।
লৱণু খায়া নাচে কানাই।
আনন্দে গোপিনী তালি বজাই ।।
যো হৰি এ তিনি ভূৱণ অধিকাৰী।
গো কুল মাজে সোহি লৱণু ভিখাৰী ।।
ভকতি অধিন হৰি দীন দয়াল ।
কহয় মাধৱ গতি বাল গোপাল।।
(১৯)
বৰগীত
ধ্ৰুং -- বালক গোপালে কৰতৰে কেলি।
উচ্চায়া পাঞ্চনি নাচে হাসে গোপ মেলি ।।
পদ -- নীল তনু পীত পট ধতি লটি লোৰ ।
নৱঘন জিনি যৈছে বিজুৰী উজোৰ ।।
শিৰে শিখণ্ডক ডোলে গলে জগ মোতি।
কোটি মদন মন মোহন মুৰতি।।
চৰণে মঞ্জীৰ ঝুৰে উৰে হেম হাৰু।
শঙ্কৰ কহ শুহি হৰিক বিহাৰু।।
(২০)
বৰগীত
ধ্ৰুং -- বেসায়ো ভাৰতে হাট আউৰ বেলি নাটে।
চলিলে নিকট ভয়ো ভৰা দিয়ো যান্টে।।
পদ -- ভাৰত হাতত আছে অনেক দোকানি ।
নিচিনি কিনিলে পুনু মিলিবে বিঘিনি ।।
যৈতে তৈতে নথাকয় হৰিনাম ৰত্ন।
মহন্ত দোকানি ৰাখে কৰি মহা যত্ন।।
সাধু দোকানিৰ সঙ্গে কৰিয়া যতন।
যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।।
ভাৰত হাটত নৰ - নাৱ পচি যায়।
হুয়ো সাৱধান কৃষ্ণ কিঙ্কৰে গায়।।
(২১)
বৰগীত
ধ্ৰুং -- ভয়ো ভাই সাৱধান, যাৱে নাহি ছুটে প্ৰাণ ।
গোবিন্দৰ ফৰমান , নিকটে মিলাৱে জান।।
পদ -- জীৱন যৌৱন থোৰ , সৱে মায়া ময় ছোড়।
দুখ সব কৰু দুৰ , হৰি পদে মন জোৰ ।।
তেজু সব অভিলাষ , দুৰ কৰু মায়া পাশ।
হৰি পদে কৰু আশ , কহয় মাধৱ দাস ।।
(২২)
বৰগীত
ধ্ৰুং -- মই সেবোহু ৰাম চৰণ দুজা।
কাহে কৰোহো হামু আৱৰি পূজা।।
পদ -- ঘটে ঘটে ৰাম বিয়াপক হোই ।
আতমা ৰাম বিনে নাহি কোই ।।
চৈতন্য ছোড়ি কাহে জড় সেৱা।
ৰাম বিনে নাহি আৱৰ দেৱা।।
মাধৱ কহয় শুনহ নৰ লোই ।
ৰাম বিনে কতি মুকুতি নাহোই ।।
(২৩)
বৰগীত
ধ্ৰুং -- মজি ৰহু মেৰি মন
হৰি গুণ অপাৰ আনন্দ সিন্ধু ৰস মাজে।
হৰি বিনে আন আশা
কৰসি কমন কাজে ।।
পদ -- যোহি তনু আপুন মানস মন ভাই।
অন্তকালে সোহি সঙ্গহি নযায়।।
সব বাটোৱাৰী সুহৃদ নাম হোয়।
ইহ পৰলোকে হৰত বিত্ত সোই ।।
যত দেখু আৱৰি তনয় বিত্ত জায়া।
আৱাগমন কাৰণ সব মায়া।।
কহয় মাধৱ শুন মেৰি মন আন্ধা।
হৰি বিনে আৱৰ ছোৰহ সব ধান্দা।।
(২৪)
নাট : পাৰিজাত হৰণ তাল : খৰমান
ধ্ৰুং -- মানুসী সাহস ঐছন তোহাৰি ।
হৰলি কুসুম হামাৰি ||
পদ -- স্বামী পুৰন্দৰ বীৰ বজ্ৰধৰ
আব্ৰত দৈত্য অন্তকাৰী।
পাৰিজাত তৰু ছাড়হ মেৰি
ৰাখোহো জীৱন কুমাৰী।।
তোহাৰি স্বামী মাধৱ মানুষ
কয়লি গৰব তাহে লাই।
বাসৱ আগে সোহি কোন হোই
কৰু শচী ঐচন বৰাই।।
(২৫)
বৰগীত
ধ্ৰুং -- মোৰে অৱনাথ আতমা নন্দলাল।
বড়হি ঠাকুৰ হৰি দীন দয়াল।।
পদ -- আপোনহি মানি হৰিক পদ দাসা।
শিৱ চতুৰমুহ কৰতু উপাসা।।
শৰীৰ আতমা মানি সৱ লোই চোৰ।
জ্ঞানী আতমা আপে হাৰামহি খোৰ।।
সেৱক সেৱহো মানি আতমা গোৱিন্দ।
ৰাখত মনে হৰি পদ অৰবিন্দে।।
মাধৱ দাসে কহয় তত্ত্ব ওই।
হৰি বিনে হামাৰি আৱৰি নাহি কোই।।
(২৬)
বৰগীত
ধ্ৰুং -- মোহন বাৱত মুৰুৰী ৰে কানু।
শুনি ব্ৰজৰমণীক নৰহে পৰানু।।
পদ -- মধুৰ বংশীৰ স্বৰে অমিয় ঝুৰয়।
পাষাণ দ্ৰৱয় মৃত তৰু মঞ্জৰয়।।
সচেতন সব থিক অচেতন হোই।
তৰংগিনী সব ৰহু অচলিত তোয়।।
সচৰ অচৰ হয় অচৰে চৰগতি।
ঐচন মোহন বেণু পূৰে যদুপতি।।
ত্ৰিভুৱন বিমোহন গোৱিন্দকু বেণু।
কহয় মাধৱ গতি কানু পদ ৰেণু।।
(২৭)
বৰগীত
ধ্ৰুং -- ৰাম গোঁসাই কৰোহো গোহাৰি।
ৰহু হৃদি পঙ্কজ ঠাম হামাৰি।।
পদ -- মায়া ছোড়ি ভকতি কৰু দানা।
কৰো তুৱা চৰণ পঙ্কজ মধু পানা।।
মাধৱ দাস কহতু ৰাম তেৰা।
যাহা যাহা চৰণ তাহে শিৰো মেৰা।।
(২৮)
বৰগীত
ধ্ৰং -- ৰামক বাণী জপহু মন ভাই।
কলিকো কালে আৱৰ গতি নাই।।
পদ -- যাকেৰি বয়নে ৰহতু ৰাম বাণী।
তাকেৰি চৰণ ৰেণু লেহু জানি।।
ৰাম চৰণ যোহি কৰত উপাসা।
তাকেৰি হুঁ হামু দাসক দাসা।।
মাধৱ দাস মুৰুখ মতি গাই।
ৰহু মন ভকত চৰণ ৰেণু লাই।।
(২৯)
বৰগীত
ধ্ৰুং -- ৰে মন সেৱহু হৰি কহো চৰণা
নিকটে দেখহু নিজ মৰণা।
দেখত হৰি কহো চৰণ শৰণ বিনে
নাহি নাহি ভৱভয় তাৰণা।।
পদ -- চাৰি বেদ পুৰাণ যত ভাৰত
গীতা ভাগৱত চাই।
তহি সাৰ বিচাৰ কয় ভাষত
হৰি বিনে তাৰক নাই।।
সনক সনাতন মুণি শুক নাৰদ
চতুৰ বয়ন শূল পাণি।
সহস্ৰ বয়ন আদি গাৱত হৰি গুণ
সকল নিগম তত্ত্ব জানি।।
কৃষ্ণ নাম যশ পৰম অমিয়া ৰস
গাৱত মুকুত নিশেষ।
পৰম মুৰুখ মতি কহয় মাধৱ দীন
শঙ্কৰ গুৰু উপদেশ।।
(৩০)
বৰগীত
ধ্ৰুং -- শুন শুনৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশনিদানা
ৰাম নাম যম সমৰক সাজি
সমদলে কয়লি পয়ানা।।
পদ -- ঠাট প্ৰকট পটু কোটি কোটি কপি
গিৰি গৰ গৰ পদ ঘাৱে।
বাৰিধি তৰি তৰি কৰে গুৰুত্বৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বিয়াপি এ
চৌগড়ে বেঢ়ল লঙ্কা।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জন
শ্ৰৱণে জনময় শঙ্কা।।
ধীৰ ধীৰ শুৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি জাম্পে।
সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ
মহিধৰ তৰসি প্ৰকম্পে।।
অন্ধ মুগুধ দশস্কন্ধ পাপ বুধ
জানকী শিৰত চৰাই।
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শঙ্কৰ কহতু উপায়।।
(৩১)
বৰগীত
ধ্ৰুং-- হৰি পদ পঙ্কজ পঞ্জৰ মোই |
তামহ ৰহু ৰাজহংস হোই ||
পদ-- ৰয়নী দিৱসে লিজঞো ৰাম নামা |
প্ৰপন্ন জনাশনি পঞ্জৰ ৰামা ||
আৱত কাল ভুজংগম গৰজি |
হৰি পদে শৰণ লেহু সব বৰজি ||
মাধৱ দাস দীন হীন মতি |
কহয় ৰাম চৰণ দোহো গতি ||
(৩২)
বৰগীত
ধ্ৰুং-- হৰি পদ মোহোৰ পৰম ধন |
তাহে কমনে ৰহু বিচুৰি পামৰু মন ||
পদ-- হৰি পদ পঙ্কজ ভৱভয় ভঞ্জন ৰে |
ভকত জনৰ নিজ ধন মনোৰঞ্জনৰে ||
অভয় চৰণ দুহো সুৰাসুৰ বন্দন ৰে |
ইতিনি ভূৱন পতি গোপনন্দনন্দনৰে ||
অসাৰ সংসাৰ সব ধনজন জীৱন ৰে |
কহয় মাধৱ দীন মন মেৰি নাৰায়ণৰে ||
(অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা কৰিব)
সম্পাদনা : শ্ৰীঅংশুমান মহন্ত
সহযোগী : শ্ৰীমতী ময়ূৰী মহন্ত
শ্ৰীমতী নিমিশা বৰা
১৭_০৫_২০২০
শ্ৰৱনে_মুক্তি_সাধকম