ভক্তি ৰত্নাকৰ : আধ্যাত্মিক একলম

"আধ্যাত্মিক একলম"ৰ আজিৰ বিষয় :-
ভক্তি ৰত্নাকৰ 


সংস্কৃত ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভক্তিতত্বৰে পৰিপূৰ্ণ গ্ৰন্থ খনিয়েই হৈছে "ভক্তি ৰত্নাকৰ" |  গুৰুজনাই বহু কথা বৈষ্ণৱ ধৰ্মৰ বিভিন্ন শাস্ৰসমূহৰ পৰা গ্ৰহণ কৰি ভক্তি তত্বৰে ৰসামৃত কৰি তুলিছে আৰু সেইবাবেই এই গ্ৰন্থখনি বৈষ্ণৱ ধৰ্মৰ আপুৰুগীয়া সম্পদ |জানিব পৰা মতে ইয়াত সৰ্বমুঠ ৩৮ টা অধ্যায় আছে |
      গুৰুজনাই গ্ৰন্থখনি সংস্কৃত ভাষাত লিখাৰ বাবে সকলো পাঠকৰ বাবে সহজে বোধগম্য হোৱা নাছিল | সেইবাবে গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰদেৱে গুৰুজনাৰ বৈকুন্ঠ প্ৰয়ানৰ প্ৰায় ২০০ বছৰমান বছৰৰ পাছত পদছন্দত অসমীয়া ভাষালৈ অনুবাদ কৰিলে | 
       এই পুথিখনিত বিশেষকৈ গুৰু সেৱাৰ মাহাত্ম্য, ভক্তি সাধনৰ মাহাত্ম্য,  ভক্তৰ লক্ষণ,  মায়া তৰণৰ উপায় আদি বিষয়ত মূল্যবান কথা সন্নিবিষ্ট কৰা আছে |

ৰামচৰণ ঠাকুৰদেৱে লিখিছে :-

ইটো ভক্তি ৰত্নাকৰ গ্ৰন্থ শ্ৰেষ্ঠতৰ |
জানিবাহা সাৰোদ্ধাৰ সমস্ত শাস্ত্ৰৰ ||
ইহাৰ শ্ৰৱনে জানি ভকতিৰ তত্ত্ব |
জানি বুদ্ধিমন্ত সৱে শুনিয়ো সতত || ১০৭৮
প্ৰথম গ্ৰন্থত গুৰুসেৱা নিবন্ধিল |
পাছে নৰ শৰীৰৰ মাহাত্ম্য কহিল ||
সৎসঙ্গ-মাহাত্ম্য আৰু সন্তৰ লক্ষণ |
ঈশ্বৰ নিৰ্ণয় কৰি আছা নিৰূপন ||১০৭৯
শ্ৰৱন-কীৰ্ত্তন আৰু স্মৰণ অৰ্চ্চন |
ভক্তি যোগ উত্তম-ভকতি নিৰূপন ||
অন্তৰঙ্গা নিৰ্গুণ-ভকতি কহি আছে |
সপ্ৰেম-ভকতি নিৰূপিলা তাত পাছে ||১০৮০
উত্তম ভক্তৰ কথা নিৰূপণ ভৈল |
মধ্যম প্ৰাকৃত ভক্ত কহিলন্ত পাছে ||



-------------------------------------------------------------------
সংৰক্ষণ : অংশুমান_মহন্ত
১৯_০৫_২০২০
শ্ৰৱনে_মুক্তি_সাধকম : ৬ :

Popular posts from this blog

বৰগীত : ৰাগ আশোৱাৰী

শ্ৰীমন্ত শংকৰদেৱ : চমু বংশ পৰিচয়