দহটা গুৰুত্বপূৰ্ণ কথা ( প্ৰথম ভাগ )

দহটা গুৰুত্বপূৰ্ণ কথা  :

👉আধ্যাত্মিকতাৰ অৰ্থ এইটো যে আপুনি আৰু জীৱনত কেতিয়াও ভ্ৰমত পৰিব নিবিচাৰে, আপুনি সকলো বস্তু তেনেকৈয়ে চাব বিচাৰে যেনেকুৱা বস্তুটো প্ৰকৃততে হয়।

👉কোমল বয়সতে কাৰোবাক পোৱাৰ আশাত ,
নিজৰ জীৱনটো নষ্ট নকৰিবা |তুমি নিজৰমতে তোমাৰ জীৱনটো সজোৱা ,সময়ে তোমাক কৈ দিব ,তুমি কাৰ হবা আৰু কোন তোমাৰ হব |

👉অসত্যৰ আধাৰত গঢ়া সম্বন্ধ বালিৰ ওপৰত সজা দালানৰ  দৰেই অস্থায়ী |

👉আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাটো যেতিয়া ঘটে তেতিয়া  আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাওঁ।

👉পাপৰ পৰিণাম প্ৰকাশ নোহোৱালৈকে পাপীয়ে পাপক কল্যাণ বুলিয়েই ভাৱে , কিন্তু সময়ে পৰিণাম স্পষ্ট হ'লেহে দুখ ভোগ কৰে।।

👉যেতিয়া মানুহে তোমাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে , তেতিয়া তেওঁলোকে তোমাক লাহেকৈ বেয়া পাবলৈ ধৰে | ই চিৰ সত্য।

👉বহু লোকে ভাবে শাস্ত্ৰ অধ্যয়ন বৃদ্ধ বয়সত কৰিব লাগে। কিন্তু এই বৃদ্ধ বয়স কেতিয়াও নাহিবও পাৰে। মানুহৰ জীৱন টো আজি আছে কালিলৈ নাই।আৰু এখন সভ্য সমাজৰ বাবে বৃদ্ধ অবস্থাতকৈ ,যুৱ অবস্থাৰ পৰা সু -চৰিত্ৰবান ব্যক্তিৰ বেছি প্ৰয়োজন।।

👉যেতিয়া কোনোবাই কাৰোবাক হাঁহে তেতিয়া তেওঁ কেৱল সেইজনকে নাহাহেঁ, তেওঁ এই সৃষ্টি আৰু সৃষ্টি কৰ্তাক হাঁহে এয়া আনন্দৰ আধাৰ নহয় ,ই এক ৰোগ |

👉জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে  শিকাই সময় ভাল দৰে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ।

👉জীৱনটো মূল্যহীন বুলি নাভাৱিবা | কৰ্ম কৰি যোৱা, ফলাফল আশা নকৰিবা |


১৬_০৫_২০২০
শ্ৰৱনে মুক্তি সাধকম : ৩ :

Popular posts from this blog

বৰগীত : ৰাগ আশোৱাৰী

শ্ৰীমন্ত শংকৰদেৱ : চমু বংশ পৰিচয়

ভক্তি ৰত্নাকৰ : আধ্যাত্মিক একলম