আলোচনা : ধৰ্ম প্ৰচাৰৰ মাধ্যমৰূপে ভাওনা

" আলোচনা " ত আজিৰ আলোচক মৰাণ, ৰাঙলীৰ শ্ৰীশ্ৰী সাউদকুছি সত্ৰৰ শ্ৰীমাধুৰ্য মহন্ত | তেখেতৰ বিষয়.. "ধৰ্ম প্ৰচাৰৰ মাধ্যমৰূপে ভাওনা " | 
-------------------------------------------------------------------

ধৰ্ম প্ৰচাৰৰ মাধ্যমৰূপে ভাওনা 

জয় গুৰু শংকৰ
মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা।নাট ৰচনাৰ মূখ্য উদ্দেশ্য অভিনয়ৰ যোগেদি ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ।ভাওনাৰ আৰম্ভণি গায়ন বায়নৰ পৰা শেষলৈকে সকলো অসমীয়া সমাজৰ অমূল্য সম্পদ।লুপ্ত প্ৰতিভা বিকাশ কৰাৰ ভাওনা উৎকৃষ্ট পথ।
             মহাপুৰুষ গুৰুদুজনৰ সৃষ্টি ভাওনাৰ মূল উদ্দেশ্য অনেক।এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ বাবে ৰচনা কৰা বৰগীত,ঘোষা,ভটিমা নাট সকলোৰে মূল লক্ষ্য একেই।
            ধর্ম প্ৰচাৰৰ মাধ্যমহিচাপে ভাওনাক কিয় লোৱা হল ইয়াৰ কাৰন সমূহ কি, কিয় গুৰুদুজনাই নাট ৰচনা কৰিলে এই প্ৰশ্ন সমূহ আমাৰ মনত উদয় হয়। ভাওনাত অভিনয়ৰ জৰিয়তে ভগৱানৰ লীলা সমূহ প্ৰকাশ কৰা হয়।আমি কিবা এটা বুজি নাপালে যদি তাক কাহিনীৰ জৰিয়তে অভিনয় কৰি দেখুৱা হয় তেতিয়া আমি অতি সহজে বুজি পাওঁ।
            কাহিনী সমূহ শুনা বা পঢ়োঁতে মানুহে যিমান বুজি পাই তাক অভিনয় কৰি দেখুৱালে অতি সহজে বুজিব পাৰে।অশিক্ষিত লোক সকলে ভাওনাৰ জৰিয়তে বুজি পাই।
           ভাওনা বুলি কলে আমাৰ অধিকাংশ লোক আকৰ্ষিত হয় গায়ন বায়নৰ পৰা আৰম্ভ কৰি সকলোৱে মানুহৰ মনত ভক্তি ভাব জগাই তোলে।গীত,সংলাপ,প্ৰৱেশ, যুদ্ধ,বিলাপ আদি সকলোবোৰ আমোদজনক।শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে ভাওনা এখন চালে কাহিনীভাগ বুজি পাই কিন্তু যদি সেইয়া কাহিনী পঢ়ি শুনোৱা হয় তেতিয়া কিছুলোকে বুজি নোপোৱা সম্ভাৱনা নথকা নহয় বা আগ্রহ প্ৰকাশ কৰাৰ পৰিলক্ষিত নহয়।ঘোষা,বৰগীত,কীৰ্তন আদিৰ অৰ্থ সমাজৰ সকলোৱে বুজি নোপোৱাটো স্বাভাৱিক,ইয়াৰ মূল অর্থ পঢ়ি বা শুনি বুজাৰ শক্তি আমাৰো নাই।
             গুৰুজনাৰ দিনটো এনেকুৱা লোক আছিল যিসকলৰ ৰচিত গ্ৰন্থসমূক, প্ৰচলিত কাহিনী সমূহ পঢ়ি ইয়াৰ ভিতৰৰ অন্তৰালত থকা তাত্বিক দিশ সমূহ বুজাৰ অসুবিধা হৈছিল আৰু সেয়ে সকলোবিলাক অভিনয়ৰ যোগেদি সকলোলোকে বুজি পোৱাৰ সুবিধা কৰি ভাওনা সৃষ্টি কৰে।
              ধৰ্মৰ প্ৰচাৰ কৰাৰ লগতে সমাজৰ সকলোৰে মাজত একতা,ভাতৃত্ববোধ সৃষ্টিৰ উদ্দেশ্যও নথকা নহয়।ভাওনা এখন অনুষ্ঠিত কৰিবলৈ এখন সমাজৰ সকলো একগোট হৈ সকলো বিলাক কাম কৰাৰ দেখা যায় ইয়াৰ ফলত সকলোৰে মনত ভাতৃত্ববোধ, মৰম-চেনেহ বৃদ্ধি পাই।প্ৰতিখন ভাওনাত দেখা যায় ধর্মৰ জয় আৰু অধৰ্মৰ পৰাজয় তাক শিৰোগত  মনুষ্য জীৱনৰ কাম কৰি গলে নিশ্চিত ভাৱে সফলতা অৰ্জন কৰিব পাৰিম।সমাজত অসাধু লোকৰ সংখ্যাও নোহোৱা নহয় তেওঁলোকৰ দশা ভাওনাৰ অসুৰৰ সদৃশ অপকৰ্ম ফলত পতন। ভক্ত সকলক দুখ নোহোৱা নহয় যিটো আমি ভাওনাত দেখা পাওঁ, কিন্তু তেওঁলোকৰ দুখ ক্ষন্তেকীয়া ভক্তক দুখৰৰ পৰা উদ্ধাৰ কৰি সত্য ধৰ্ম প্ৰতিষ্ঠা কৰায়ে ভগৱানৰ প্ৰধান উদ্দেশ্য।
          মহাপুৰুষৰ অপূৰ্ব সৃষ্টি ভাওনাৰ মূল উদ্দেশ্য ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ,মোৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ। সমাজৰ সকলোকে ভাওনাৰ প্ৰতি আকৰ্ষিত কৰোৱা,শিশুৰ পৰা.    ভাওনাত অভিনয়ৰ বাবে আগবঢ়োৱা, 
গুৰুজনাৰ এই মহান সৃষ্টি জীয়াই ৰখা সংকল্প আমি সকলোৱে কৰিব লাগিব।

জয় গুৰু শংকৰ মাধৱৰ.......
জয় ভাওনা সংস্কৃতিৰ.....…

© মাধুৰ্য্য মাধৱ মহন্ত 

-------------------------------------------------------------------

(সংৰক্ষণ  : অংশুমান মহন্ত)


১৮_০৫_২০২০
শ্ৰৱনে_মুক্তি_সাধকম : ৫ :

Popular posts from this blog

বৰগীত : ৰাগ আশোৱাৰী

শ্ৰীমন্ত শংকৰদেৱ : চমু বংশ পৰিচয়

ভক্তি ৰত্নাকৰ : আধ্যাত্মিক একলম