ভক্তি ৰত্নাকৰ : আধ্যাত্মিক একলম

"আধ্যাত্মিক একলম"ৰ আজিৰ বিষয় :- ভক্তি ৰত্নাকৰ সংস্কৃত ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভক্তিতত্বৰে পৰিপূৰ্ণ গ্ৰন্থ খনিয়েই হৈছে "ভক্তি ৰত্নাকৰ" | গুৰুজনাই বহু কথা বৈষ্ণৱ ধৰ্মৰ বিভিন্ন শাস্ৰসমূহৰ পৰা গ্ৰহণ কৰি ভক্তি তত্বৰে ৰসামৃত কৰি তুলিছে আৰু সেইবাবেই এই গ্ৰন্থখনি বৈষ্ণৱ ধৰ্মৰ আপুৰুগীয়া সম্পদ |জানিব পৰা মতে ইয়াত সৰ্বমুঠ ৩৮ টা অধ্যায় আছে | গুৰুজনাই গ্ৰন্থখনি সংস্কৃত ভাষাত লিখাৰ বাবে সকলো পাঠকৰ বাবে সহজে বোধগম্য হোৱা নাছিল | সেইবাবে গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰদেৱে গুৰুজনাৰ বৈকুন্ঠ প্ৰয়ানৰ প্ৰায় ২০০ বছৰমান বছৰৰ পাছত পদছন্দত অসমীয়া ভাষালৈ অনুবাদ কৰিলে | এই পুথিখনিত বিশেষকৈ গুৰু সেৱাৰ মাহাত্ম্য, ভক্তি সাধনৰ মাহাত্ম্য, ভক্তৰ লক্ষণ, মায়া তৰণৰ উপায় আদি বিষয়ত মূল্যবান কথা সন্নিবিষ্ট কৰা আছে | ৰামচৰণ ঠাকুৰদেৱে লিখিছে :- ইটো ভক্তি ৰত্নাকৰ গ্ৰন্থ শ্ৰেষ্ঠতৰ | জানিবাহা সাৰোদ্ধাৰ সমস্ত শাস্ত্ৰৰ || ইহাৰ শ্ৰৱনে জানি ভকতিৰ তত্ত্ব | জানি বুদ্ধিমন্ত সৱে শুনিয়ো সতত || ১০...